indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

পশুপালন ব্যৱসায়ৰ অনুজ্ঞা পত্ৰ

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰখন সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  6. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  7. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  8. যদিহে আবেদন পত্ৰত অন্তৰ্ভূক্ত সকলোবোৰ তথ্য শুদ্ধ তেনেহ’লে, শাৰিৰীক পৰিদৰ্শনৰ বাবে তাৰিখ নিৰ্ধাৰণ হ’ব। আবেদনকাৰীয়ে পৰিদৰ্শন সম্পৰ্কে সকলো তথ্যৰ ক্ষেত্ৰত এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  9. উচ্চপদস্থ বিষয়াৰ দ্বাৰা ক্ষেত্ৰ পৰিদৰ্শনৰ সফল সমাপ্তিৰ পিছত, প্ৰয়োজনীয় মাচুল প্ৰদানৰ বাবে আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে আবেদন পৰিশোধ সম্পৰ্কত জাননী প্ৰেৰণ কৰে।
  10. ক্ষেত্ৰ পৰিদৰ্শন অসফল হোৱাৰ ক্ষেত্ৰত, বাণিজ্যিক পৰিসৰত প্ৰয়োজনীয়তা পূৰণৰ বাবে আৱশ্যকীয় তথ্য পুনৰায় জমা দিবলৈ আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে আবেদন সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰা হয়।
  11. নথি-পত্ৰ সফলৰূপে জমা হোৱাৰ পিছত, প্ৰাৰ্থীয়ে প্ৰয়োজনীয় পৰিমাণ প্ৰদান কৰিব লাগিব।
  12. ২১ দিনৰ ভিতৰত অনুজ্ঞাপত্ৰ প্ৰস্তুত হৈ উঠে আৰু আবেদনকাৰীয়ে এই পত্ৰ সফলতাৰে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰে।

সহায়ক নথি পত্ৰ :

  1. আবেদনকাৰীৰ পৰিচয় প্ৰমাপত্ৰ [বাধ্যতামূলক] - (ক)বৈধ পাচপোর্ট, (খ)পানকাৰ্ড, (গ)ভোটাৰ প্ৰমানপত্ৰ, (ঘ)চালকৰ প্ৰমানপত্ৰ
  2. আবেদনকাৰীৰ ঠিকনাৰ প্ৰমাপত্ৰ [বাধ্যতামূলক] - (ক)বিদুৎ বিল, (খ)ভোটাৰ কাৰ্ড, (গ)চালকৰ প্ৰমানপত্ৰ, (ঘ)বৈধ পাচপোর্ট
  3. নিজস্ব আৰু ভাড়া সম্পতি বাবে - GMC ৰ সম্পতিৰ কৰ আপ-টু-ডেত ৰচিদ (বাণিজ্যিক / ব্যবসায় / উদ্যোগিক) [বাধ্যতামূলক]
  4. ভাড়া সম্পত্তিৰ বাবে - নোটাৰিযুক্ত প্রজাস্বত্ব চুক্তি আৰু অংশীদাৰী ব্যৱসায়ৰ বাবে - অংশীদাৰীত্ব দলিল [বাধ্যতামূলক]
  5. পাচপোর্ট ফটোগ্রাফ (এজন মালিকৰ বাবে) বা যৌথ ফটোগ্রাফ (যৌথ মালিকৰ বাবে) [বাধ্যতামূলক নহয়]
  6. কোম্পানি / ফাৰ্ম / সমিতিৰ বাবে পঞ্জীয়নৰ প্ৰমানপত্ৰ আৰু পান [বাধ্যতামূলক নহয়]

নির্ধাৰিত সময়সীমা : ১৫ দিন

মাচুল :

  1. সেৱা মাচুল (PFC/CSC ৰ জৰিয়তে) - ৩০ টকা
  2. ছপা খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠাত ১০ টকা
  3. স্কেনিং খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠা ৫ টকা