indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

ব্যক্তিগত/ব্যৱসায়িক বাহনৰ মালিকীস্বত্বৰ পৰিৱৰ্তন

  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. তাৰ পিছত আৱেদনকাৰীক পৰিবহন Website vahan.nic.in লৈ স্থানান্তৰ কৰা হয় য'ত তেওঁলোকে সেই সেৱাৰ বাবে আবেদন প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু প্ৰয়োজনীয় সমৰ্থন কাৰী নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. আবেদন সফলতাৰে দাখিল কৰাৰ পিছত, আবেদনকাৰীয়ে পৰিবহন Website ৰ পৰা এটা স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰিব।
  6. স্বীকৃতি নম্বৰৰ সহায়ত এজন আবেদনকাৰীয়ে এআৰটিপিএছ পোৰ্টেলত আবেদনটোৰ স্থিতি চাব আৰু অনুসৰণ কৰিব পাৰে।

সহায়ক নথি পত্ৰ :

অ-পৰিবহণ/পৰিবহণযুক্ত বাহনৰ বাবে মলিকীস্বত্বৰ স্থানান্তৰণ

  1. আবেদন পত্ৰ ২৯ (২ কপি), প্ৰপত্ৰ ৩০(১ কপি), প্ৰপত্ৰ ২৬(১ কপি) প্রদান কৰাতো বাধ্যতামূলক
  2. ক্ৰেতা আৰু বিক্ৰেতা উভয়ে চুক্তিনামাত স্বাক্ষৰ কৰাতো বাধ্যতামূলক
  3. ক্ৰেতাৰ পৰিচয়ৰ প্ৰমাণ পত্ৰ (ভোটাৰ কাৰ্ড/পাছপোৰ্ট/জীৱন বীমাৰ প্ৰতিলিপি/আধাৰ কাৰ্ড) জমা দিয়াটো বাধ্যতামূলক
  4. ক্ৰেতা আৰু বিক্ৰেতা উভয়ৰ পৰিচয় প্ৰমাণ পত্ৰ হিচাপে পেন কাৰ্ড থাকিব লাগিব
  5. প্ৰপত্ৰ সংখ্যা ২৯ আৰু ৩০ ত ক্ৰেতা আৰু বিক্ৰেতা উভয়ৰেই স্বাক্ষৰ মিলিব লাগিব
  6. বিক্ৰী বা ক্ৰয় কৰাৰ সময়ত বাহনখনৰ পঞ্জীয়ন প্ৰমাণ পত্ৰৰ উপস্হিতি বাধ্যতামূলক
  7. শেহতীয়াভাবে উন্নীত কৰা প’লিউশ্বন আন্দাৰ চার্টিফিকেট (PUC) তথা বাহনৰ যোগ্যতাৰ বৈধ প্ৰমাণ পত্ৰ
  8. যদি বাহনখন দায়বদ্ধ হয়, তেনেহ'লে প্ৰপত্ৰ সংখ্যা ৩৫ ত বেংক বা কোষাধ্যক্ষৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট দিব লাগে। অৱশ্যে ই বৈকল্পিক।

বাহনখনৰ মালিকৰ মৃত্যুৰ পিছত মালিকীস্বত্বৰ স্থানান্তৰ

  1. আবেদন পত্ৰ ৩০(১ কপি) আৰু ২৬(১ কপি) ৰ উপস্হিতি অনিবাৰ্য্য
  2. যদি বাহনখনৰ মালিক জীৱিত অৱস্থাত নাই, তেন্তে তেওঁৰ মৃত্যুৰ প্ৰমাণ পত্ৰ থকাতো বাধ্যতামূলক
  3. উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ থকাতো বাধ্যতামূলক
  4. প্ৰকৃত হিতাধিকাৰীৰ পৰিচয় প্ৰমাণ পত্ৰ (ভোটাৰ কাৰ্ড/পাছপোৰ্ট/জীৱন বীমাৰ প্ৰতিলিপি/আধাৰ কাৰ্ড)থকাতো বাধ্যতামূলক। কোনো এখন বাহনৰ গৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত তেওঁৰ স্বামী বা স্ত্ৰীয়ে প্ৰকৃত মালিকীস্বত্ব লাভ কৰে বা তেওঁলৈ স্থানান্তৰ হয়।
  5. বাহনৰ উত্তৰাধিকাৰীৰ সপক্ষে আীইনী হিতাধিকাৰীৰ দ্বাৰা শপতনামা দাখিল কৰাতো বাধ্যতামূলক। যদিহে আীইনী হিতাধিকাৰী মৃত্যু হয়, তেনেহ'লে মালিকীস্বত্বৰ স্থানান্তৰৰ ক্ষেত্ৰত জেষ্ঠ সহোদৰ অৰ্থাৎ ভাতৃ বা ভগ্নীয়ে যোগ্যতা অৰ্জন কৰে। তেনে ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰীয়ে উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ জমা কৰাতো বাঞ্চণীয়।
  6. যদিহে আীইনী হিতাধিকাৰী (বাহনৰ মালিকৰ স্বামী বা স্ত্ৰী)গৰাকীও জীৱিত অৱস্থাত নাথাকে তেন্তে বাহনখনৰ মালিক আৰু আীইনী হিতাধিকাৰী মৃত্যুৰ প্ৰমাণ পত্ৰ থাকিব লাগিব।
  7. ‌বাহনৰ অন্যান্য দাবীদাৰৰ দ্বাৰা ন' অবজেকশ্যন চাৰ্টিফিকেট প্ৰদান কৰাতো বাধ্যতামূলক। বাহনখনৰ প্ৰত্যেকগৰাকী যোগ্য দাবীদাৰে(১৮ বছৰৰ উৰ্ধ) আবেদনকাৰীক মালিকীস্বত্বৰ স্থানান্তৰৰ সমৰ্থনত তেওঁলোকৰ ন' অবজেকশ্যন চাৰ্টিফিকেট প্ৰদান কৰাতো বাঞ্চণীয়।
  8. বিক্ৰী বা ক্ৰয় কৰাৰ সময়ত বাহনখনৰ পঞ্জীয়ন প্ৰমাণ পত্ৰৰ উপস্হিতি বাধ্যতামূলক
  9. শেহতীয়াভাবে উন্নীত কৰা প’লিউশ্বন আন্দাৰ চার্টিফিকেট (PUC)
  10. বৈধ বীমা প্ৰমাণ পত্রৰ প্ৰতিলিপি
  11. যদি বাহনখন দায়বদ্ধ হয়, তেনেহ'লে প্ৰপত্ৰ সংখ্যা ৩৫ ত বেংক বা কোষাধ্যক্ষৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট দিব লাগে। অৱশ্যে ই বৈকল্পিক।

বিঃ দ্রঃ

  1. অনলাইন অবেদন জমা কৰা পিছত আবেদনকাৰীয়ে নথি পত্রৰ প্ৰত্যক্ষ নিৰীক্ষণৰ বাবে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্হিত থকাটো প্ৰয়োজন। দস্তাবেজৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু প্ৰপত্রৰ প্ৰকৃত প্ৰতিলিপি জমা কৰাৰ পিছতহে সেৱা প্ৰক্ৰিয়া অৰম্ভ হয়।
  2. জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা অন্তিম অনুমোদন লাভ কৰা পিছত আবেদনকাৰীয়ে স্মাৰ্ট কাৰ্ড মাচুল প্ৰদানৰ বাবে এমট্ৰন কাউন্টাৰলৈ যাব লাগিব।

নির্ধাৰিত সময়সীমা : ১৫ দিন

মাচুল :

  1. সেৱা মাচুল (PFC/CSC ৰ জৰিয়তে) - ৩০ টকা
  2. ছপা খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠাত ১০ টকা
  3. স্কেনিং খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠা ৫ টকা