indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

বিবাহ পঞ্জীয়ন - পঞ্জীয়নৰ বাবে আবেদন

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ (আৱশ্যকীয় টেবলৈ লক্ষ্য কৰক) আপলোড কৰিব লাগিব।
  5. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আবেদনকাৰীয়ে প্ৰযোজনীয় পৰিমাণ পৰিশোধ কৰিব লাগিব।
  6. প্ৰয়োজনীয় পৰিমাণ এবাৰ সফলতাৰে জমা হোৱাৰ পিছত, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব আৰু প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব, ফলস্বৰূপে প্ৰাৰ্থীৰ আবেদনৰ অৱস্থান নিৰীক্ষণ কৰিবলৈ সহায় হ’ব এই। সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  7. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  8. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  9. যদি সকলো প্ৰক্ৰিয়া শুদ্ধ হয় তেন্তে, আবেদন পত্রখন সংশ্লিষ্ট বিষয়াৰ দ্বাৰা গৃহীত হ'ব আৰু উক্ত বিষয়ে আবেদনকাৰীক মেইল অৰু এছ.এম.এছৰ জৰিয়তে অৱগত কৰিব। আবেদন জমা দিয়াৰ ৩০ দিনৰ ভিতৰত আবেদনকাৰীক পঞ্জীকৃত বিবাহৰ বাবে যোগ্য বুলি বিবেচিত কৰা হয়।
    সহায়ক নথি পত্ৰ :
    1. আবেদনকাৰিৰ পৰিচয় পত্ৰৰ প্ৰতিলিপি (দৰা-কইনা) সন্নিবিষ্ট শাখাত আপলোড কৰিব লাগিব
    2. আবেদনকাৰিৰ ঠিকনাৰ প্ৰমাণ পত্ৰ (ভোটাৰ পৰিচয় পত্ৰ/প্ৰৱেশিকা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ/পাচপোর্ট/বেংক পাচবুক/আধাৰ কাৰ্ড) দৰা-কইনা উভয়ৰে
    3. বয়সৰ প্ৰমাণ পত্ৰ(জন্মৰ প্ৰমাণ পত্ৰ/প্ৰৱেশিকা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ)
    4. ইপ্সিত বিবাহৰ ক্ষেত্ৰত Marriage Notice Template ডাউনলোড কৰি দৰা-কইনা উভয়ৰে চহীৰ সৈতে সন্নিবিষ্ট শাখাত আপলোড কৰিব
    5. আনুষ্ঠানিক বিবাহৰ ক্ষেত্ৰত দৰা-কইনাৰ চহী সন্নিবিষ্ট শাখাত আপলোড কৰিব

    নির্ধাৰিত সময়সীমা : ইপ্সিত বিবাহৰ আবেদন পঞ্জীয়ন কৰণৰ‌ বাবে জাননী জাৰী কৰাৰ পৰা ৩০ দিনৰ পৰা ৯০‌ দিনৰ ভিতৰত

    মাচুল :

    1. জাননী মাছুল - ২ টকা
    2. প্ৰতিখন আবেদনৰ বাবত ২০০ টকা RTPS মাচুল