indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

পঞ্জীয়ন হোৱা বিক্ৰী দলিলৰ প্ৰমাণিত সত্য প্ৰতিলিপি

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰখন এবাৰ সফলতাৰে জমা হোৱাৰ পিছত, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব আৰু প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব, ফলস্বৰূপে প্ৰাৰ্থীৰ আবেদনৰ অৱস্থান নিৰীক্ষণ কৰিবলৈ সহায় হ’ব এই। সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  6. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  7. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  8. যদি সকলো প্ৰক্ৰিয়া শুদ্ধ হয় তেন্তে, সংশ্লিষ্ট বিষয়াই আবেদনকাৰীক শুনানী সন্দৰ্ভত এছ.এম.এছ আৰু মেইলৰ দ্বাৰা অৱগত কৰিব।
  9. আবেদনকাৰীয়ে পৰিশোধ সম্পৰ্কীয় জাননীৰ উত্তৰ দিয়াৰ পিছত সমস্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব আৰু তেনে ক্ষেত্রত প্ৰাৰ্থীয়ে কর্মৰ প্রমাণ পত্র প্রস্তুত হোৱা বুলি এছ.এম.এছ আৰু মেইল লাভ কৰিব। এই প্রমাণ পত্রখল আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰিব।

    নির্ধাৰিত সময়সীমা : ১0 দিনৰ ভিতৰত

    মাচুল :

    1. ৫ টকা (১ম বছৰত), (জৰুৰীকালিন মাচুল: ১০ টকা - ৩ দিনৰ ভিতৰত প্ৰদান কৰিবলৈ)
    2. ৩ টকা/পৃষ্ঠা (৩০০ শব্দ থকা প্ৰত্য়েক অতিৰিক্ত পৃষ্ঠাৰ বাবদ)
    3. ARTPS ব্য়ৱহাৰকাৰীৰ মাচুল: ১০০ টকা (গ্রামাঞ্চল), ২৫০ টকা (GMC অঞ্চলৰ বাদে অন্য় নগৰ অঞ্চল), ৫০০ টকা (GMC এলেকা) - অনুসন্ধান মাচুল