indian flag অসম চৰকাৰ
sitemap sitemap sitemap
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

ব্যৱসায়িক বাহনৰ নকল পঞ্জীয়ণ

  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. তাৰ পিছত আৱেদনকাৰীক পৰিবহন Website vahan.nic.in লৈ স্থানান্তৰ কৰা হয় য'ত তেওঁলোকে সেই সেৱাৰ বাবে আবেদন প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু প্ৰয়োজনীয় সমৰ্থন কাৰী নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. আবেদন সফলতাৰে দাখিল কৰাৰ পিছত, আবেদনকাৰীয়ে পৰিবহন Website ৰ পৰা এটা স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰিব।
  6. স্বীকৃতি নম্বৰৰ সহায়ত এজন আবেদনকাৰীয়ে এআৰটিপিএছ পোৰ্টেলত আবেদনটোৰ স্থিতি চাব আৰু অনুসৰণ কৰিব পাৰে।

    সহায়ক নথি পত্ৰ :

    আবেদন ফর্ম - ফর্ম ২৬

    1. লোকচানৰ ক্ষেত্ৰত সাধাৰণ ডায়েৰী এন্ট্ৰী সংখ্যা আৰু তাৰিখৰ সৈতে আৰক্ষীৰ প্ৰতিবেদন
    2. ক্ষতিৰ ক্ষেত্ৰত প্ৰকৃত ক্ষতিগ্ৰস্ত/বিকৃত পঞ্জীয়ন প্ৰমাণ পত্র
    3. দায়বদ্ধ বাহনৰ ক্ষেত্ৰত কোষাধ্যক্ষৰ সহমতি
    4. শেহতীয়া কৰ প্ৰদানৰ ৰচিদ
    5. বৈধ বীমা প্ৰমাণ পত্রৰ প্ৰতিলিপি
    6. শেহতীয়াভাবে উন্নীত কৰা প’লিউশ্বন আন্দাৰ চার্টিফিকেট (PUC)
    7. বাহনৰ যোগ্যতাৰ বৈধ প্ৰমাণ পত্ৰ
    8. পঞ্জীয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ প্ৰৱৰ্ত্তন শাখাৰ পৰা বাহনখন কোনো ধৰণৰ অপৰাধজনিত গোচৰৰ লগত জৰিত নাই বুলি স্পষ্টীকৰণ
    বিঃ দ্রঃ
    1. অনলাইন অবেদন জমা কৰা পিছত আবেদনকাৰীয়ে নথি পত্রৰ প্ৰত্যক্ষ নিৰীক্ষণৰ বাবে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্হিত থকাটো প্ৰয়োজন। দস্তাবেজৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু প্ৰপত্রৰ প্ৰকৃত প্ৰতিলিপি জমা কৰাৰ পিছতহে সেৱা প্ৰক্ৰিয়া অৰম্ভ হয়।
    2. অনলাইন অবেদন জমা কৰা পিছত আবেদনকাৰীয়ে নথি পত্রৰ প্ৰত্যক্ষ নিৰীক্ষণৰ বাবে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্হিত থকাটো প্ৰয়োজন। দস্তাবেজৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু প্ৰপত্রৰ প্ৰকৃত প্ৰতিলিপি জমা কৰাৰ পিছতহে সেৱা প্ৰক্ৰিয়া অৰম্ভ হয়।

     নির্ধাৰিত সময়সীমা : ৭ দিন


    মাচুল :
    1. সেৱা মাচুল (PFC/CSC ৰ জৰিয়তে) - ৩০ টকা
    2. ছপা খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠাত ১০ টকা
    3. স্কেনিং খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠা ৫ টকা