indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

পৰিবহণৰ বাবে নকল ড্ৰাইভিং লাইচেঞ্চ

  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. তাৰ পিছত আৱেদনকাৰীক পৰিবহন Website vahan.nic.in লৈ স্থানান্তৰ কৰা হয় য'ত তেওঁলোকে সেই সেৱাৰ বাবে আবেদন প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু প্ৰয়োজনীয় সমৰ্থন কাৰী নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. আবেদন সফলতাৰে দাখিল কৰাৰ পিছত, আবেদনকাৰীয়ে পৰিবহন Website ৰ পৰা এটা স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰিব।
  6. স্বীকৃতি নম্বৰৰ সহায়ত এজন আবেদনকাৰীয়ে এআৰটিপিএছ পোৰ্টেলত আবেদনটোৰ স্থিতি চাব আৰু অনুসৰণ কৰিব পাৰে।

সমৰ্থনকাৰী নথিপত্ৰ:

  1.  লাৰ্ণাৰ লাইচেঞ্চখল অতিকমেও ৩০ দিনৰ আগতেই লাভ কৰা হৈছে
  2.  যদিহে আনুষ্ঠানিকভাবে ড্ৰাইভিং প্ৰশিক্ষণৰ গ্ৰহণ কৰা হৈছে তেন্তে প্ৰপত্ৰ সংখ্যা ৫ ত আবেদন কৰিব লাগিব
  3. শেহতীয়া তিনিখন পাছপোর্ট আকাৰৰ ফ'টোক'পি

নিৰ্ধাৰিত সময়সীমা: ৭৫ দিন

মাচুল:

  1. ডিটিঅ' কেছ কাউণ্টাৰত প্ৰতিটো শ্ৰেণীৰ বাহনৰ নগদ 250/- টকা মাচুল।
  2. ড্ৰাইভিং লাইচেঞ্চ স্মাৰ্ট কাৰ্ড প্ৰিণ্টআউটৰ বাবে এমট্ৰন কেছ কাউণ্টাৰত নগদ 88/- টকা ব্যৱহাৰকাৰীৰ মাচুল।
  3. সেৱাৰ মূল্য (পিএইচি/চিএছচিৰ মাধ্যমেৰে)- ৩০ টকা
  4. ছপা মুল্য  (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
  5. স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা