আপোনাৰ সেৱাৰ বিষয়ে জানক
যোগ্যতাৰ প্রমাণপত্রৰ বাবে আবেদনপত্র
প্ৰশাসনিক পৰিৱৰ্তনৰ বাবে এই সেৱাটো অস্থায়ীভাৱে বন্ধ কৰা হৈছে। সেৱাটো নতুন নিৰ্দেশনাৰ সৈতে সোনকালেই উপলব্ধ হ'ব।
- যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, মুখ্য পৃষ্ঠাত থকা 'ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব'ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক।
- ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ 'লগ ইন টেব'ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
- আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ 'এপ্লাই অনলাইন টেবটো' ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, আৱশ্যকীয় টেবটো ব্যৱহাৰ কৰাৰ পিছত 'এপ্লাই বাটন'ত ক্লিক কৰিব লাগিব।
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।
- প্ৰপত্ৰখন চূড়ান্তভাবে জমা দিবলৈ, আবেদনকাৰীয়ে আৱশ্যকীয় পৰিমাণৰ ধন প্ৰদান কৰিব লাগিব।
- ধনৰ পৰিশোধ প্ৰক্ৰিয়া এবাৰ সফলতাৰে সম্পন্ন হ’লে, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব, যিটো এছ.এম.এছ আৰু ই-মেইল আইডিৰ মাধ্যমেৰে আবেদনকাৰীক অৱগত কৰা হ’ব।
- উল্লেখিত সেৱাসমূহ সম্পূৰ্ণ হ’লে, আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব। সেৱা সম্পূৰ্ণ হোৱা সন্দৰ্ভত আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ প্ৰতি সঁহাৰি দিয়াটো প্ৰয়োজনীয়।
- ৪৫ কৰ্মদিনৰ ভিতৰত সেৱা সফলতাৰে সম্পন্ন হোৱাৰ পিছত, যোগ্যতাৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা হয়। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে জ্ঞাত হ’ব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা উক্ত প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰিব।
সহায়ক নথি পত্ৰ :
- আবেদনকাৰীৰ ঠিকনাৰ প্ৰমাণ – পাছপোৰ্ট, বেঙ্ক পাছবুক, ভোটাৰ আই ডি, বিদ্যুৎ বিল, আধাৰ, ড্ৰাইভিং লাইচেন্স ইত্যাদি[বাধ্যতামূলক]
- আবেদনকাৰীৰ পৰিচয়পত্র - প্যান, ভোটাৰ আইডি, ব্যাংক পাসবুক, ড্রাইভিং লাইসেন্স, পাসপোর্ট ইত্যাদি [[বাধ্যতামূলক]
- স্বীকৃতিপ্ৰাপ্ত বোৰ্ড/ কাউন্সিলে জাৰী কৰা বয়স প্ৰমাণ পত্ৰ বা চৰকাৰে জাৰী কৰা জন্ম প্ৰমাণপত্ৰ। [বাধ্যতামূলক]
- নৱম শ্ৰেণী (নিম্নতম) উত্তীৰ্ণ হোৱাৰ প্রমানপত্ৰ বা উচ্চতৰ অৰ্হতা পাছ কৰা। [বাধ্যতামূলক]
- সাগৰীয় সেৱাৰ প্ৰমাণপত্ৰ (নিম্নতম 3 বছৰৰ সেৱা)মূল লেটাৰ হেডত সংস্থাৰ বৈধ ই-মেইল আৰু ফোন নম্বৰ যথাযথভাৱে স্ট্যাম্প থকা উচিত
- পঞ্জীভুক্ত চৰকাৰী চিকিৎসকৰ পৰা ফিটনেছ আৰু চকুৰ দৃষ্টি পৰীক্ষাৰ প্ৰমাণপত্ৰ। [বাধ্যতামূলক]
নির্ধাৰিত সময়সীমা : ৪৫ দিনৰ ভিতৰত
মাচুল :
- আবেদন মাচুল - সকলো গ্ৰেডৰ বাবে ১০০/- টকা
- প্ৰিন্ট কৰাৰ মাচুল (পিএফচি ৰ পৰা যিকোনো প্ৰিন্ট কৰাৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০/- টকা
- স্কেনিং মাচুল (যদি নথিপত্ৰবোৰ (পিএফচি ত স্কেন কৰা হয়) - প্ৰতি পৃষ্ঠাত ৫/- টকা