আপোনাৰ সেৱাৰ বিষয়ে জানক
সমবায় সমিতিৰ পঞ্জীয়ণকৰণৰ বাবে আবেদন (বিটিএডি)
- আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
- তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
- সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
- প্ৰপত্ৰখন সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
- আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
- অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
- আবেদন পত্ৰ সম্পৰ্কত যদিহে সকলো প্ৰক্ৰিয়া শুদ্ধ তেনেহ’লে, আবেদনকাৰীয়ে বি.টি.এ.ডি. কাৰ্যালয়লৈ যাব লাগিব আৰু প্ৰয়োজনীয় পৰিমাণ পৰিশোধ কৰিব লাগিব। পৰিশোধ প্ৰক্ৰিয়া ট্ৰেজাৰী চালানৰ মাধ্যমেৰে সম্পন্ন হ’ব। আবেদনকাৰীয়ে এই সন্দৰ্ভত এছ.এম.এছ আৰু মেইল লাভ কৰিব।
- কোনো ক্ৰূটি অবিহনে প্ৰপত্ৰখন সফলতাৰে জমা দিয়াৰ পিছত ৬০ দিনৰ ভিতৰত প্ৰমাণ পত্ৰখন প্ৰস্তুত হয়। এই ক্ষেত্ৰত আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইল লাভ কৰিব। তাৰপিছত আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা পঞ্জীয়ন প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব লাগিব।
- প্ৰস্তাৱিত আইনী বিধিৰ এখন প্ৰতিলিপি প্রদান কৰাতো আৱশ্যক
- সাধাৰণ সভাৰ উদ্বোধনী প্ৰক্ৰিয়াৰ এখন প্ৰতিলিপি প্রদান কৰাতো আৱশ্যক
- পঞ্জীয়ন কৰ্তৃপক্ষৰ ওচৰত উপলব্ধ প্ৰপত্ৰ অনুসৰি সমৰ্থনকাৰীৰ এখন সূচী প্রদান কৰাতো আৱশ্যক
সহায়ক নথি পত্ৰ :
- নির্ধাৰিত সময়সীমা : ৬০ কাৰ্য দিন
- 0425 -Co-operation 00-101-0000-00-XP-V-GA-No.AS ট্ৰেজাৰী চালানৰ বাবে, মুখ্য একাউন্টত প্রাধিকৃত শ্বেয়াৰ মূলধনৰ ১ শতাংশ জমা দিব লাগিব
মাচুল :